Friday, October 24, 2014

Jiya Jiya Jen - Dhritimaan

জীয়া জীয়া যেন
মৰমেৰে
কোনে ৰিঙিয়াই আজি কাষলে মাতে
সাতোৰঙি ৰঙৰ পোহৰৰ
চৌদিখে আজি পাহি মেলি
ধীৰে ধীৰে বৈ আছে বুকুত
কিদৰে ম‍ই সজাও সচাকৈ
এটি মিঠা সুৰেৰে মোৰ মন
ল’লা কলিজা মোৰ সচাকৈ

আজি জোনাকি ফাগুনৰ আবেলি
নীলিম আকাশ আজি ৰ’ৱ থমকি
তুমি হ’বানে মোৰ প্ৰতি দিশে দিশে
আজি নীয়ৰে সজালে ধৰণী
তুমি নাজাবা আজি মোৰ পৰা
গ’লে মনে উচুপিব ফেকুৰি

পলে পলে বিচাৰে আজি
দুহাতে মন দুপাখি মেলি
তুমিনো কোন সৰগৰ পৰী

O' Guwahati

এই চহৰ আজিও আপোন অতি
সুখে দুখে তুমিয়েই মোৰ যেন লগৰী
বুকুতে ৰাখো স্মৃতি সোণোৱালী
ও গুৱাহাটী
এই চহৰ আজিও আপোন অতি
সুখে দুখে তুমিয়েই মোৰ যেন লগৰী
বুকুতে ৰাখো স্মৃতি সোণোৱালী
ও গুৱাহাটী

সপোন তুমি মোৰ
হেপাহ তুমি মোৰ
আৱেগ তুমি মোৰ এই জীৱনৰ

এই চহৰ আজিও ইমান সজীৱ
লুইতেও চেনেহে সাৱতিৱ নীৰৱ অধীৰ
তোমাতেই শেষ হও অভীষালী
ও গুৱাহাটী

এই চহৰ আজিও ইমান ৰঙীন
ঐক্য়প্ৰীতিৰ আলোকেৰে ৰয় উজলি
তোমাৰেই খ্য়াতি হওক যুগজয়ী
ও গুৱাহাটী

সপোন তুমি মোৰ
হেপাহ তুমি মোৰ
আৱেগ তুমি মোৰ এই জীৱনৰ

Sunday, August 31, 2014

Rock - Zubeen Garg

Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever


পথে পথে বহু বাট বুলি
যাযাবৰ হৈ ঘুৰিলো
বহু দিলো বহু পালো জীৱনত
কত সপোনক চুই চালো
কত সপোনক ভাঙিলো
মায়াবী মৰীচিকা খেদি ৰং ল’লো
হহা কন্দাৰ খেল দেখিলো
কত শত জন হেৰোৱালো
তথাপিও বাৰে বাৰে ঘুৰি আহো তোমাৰ কাষলে



Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever
যুজাৰু যে ম‍ই আছিলো
যুজাৰু যে ম‍ই আজিও
নেমানো একোকে সম্মুখত আগুৱামেই
পোহৰ লৈ মোৰ দুহাতে
ফাগুন আহে মোৰ দুকাষে
ৰ’লোৱা ঘুৰাৰ দৰে চেকুৰিমেই
খোজে খোজে তোমাক বিছাৰো
প্ৰতি পলে তোমাক সোৱৰো
বাকি জীৱন তোমাৰ মাজতে ম‍ই সামৰো

Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever

Friday, May 30, 2014

Dihinge Disange Dibange - Dikshu

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে
তুমি কাৰ্বি নে তিৱা
তুমি দেউৰী নে ৰাভা
তুমি কোচ নে ডিমাচা ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দূৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

ইখন গাওৰ সীমাতে
সিখন ডাঙৰ জিলাতে
জনজাতি সংস্কৃতি মনেই ভৰি যায়
চহৰ নগৰ ঘূৰোতে মানুহ জাকৰ ভীৰতে
একেই সৰল হাহিটিয়ে দোলা দি যায়
কিজানি তাই আমনি পাই
ভয়েই লাগি যায়
কিজানি তাই আতৰি যায়
ভয়েই লাগি যায়

তুমি খাম্তি নে বড়ো
তুমি চিম্ফৌ নে গাৰো
তুমি মেচ নে কছাৰী ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

আপোন কৰি ল’বলৈ
দাপোন সাজি থ’বলৈ
তোমাৰ নামৰ বিপৰিতে উপাধি লগাই
তোমাৰ জাতৰ ন’হলেও
তোমাৰ ভাষা ন’কলেও
অসম দেশৰ ল’ৰা বুলি ল’বা নে চপাই
সমাজে হায় কিয় সদায় পৃথক কৰি যায়
পৰিধি নাই অৱধি নাই
প্ৰেমৰ নদী তাই
তুমি সোণোৱাল নে মিচিং
তুমি ফাকিয়াল নে হাজং
নে তুমি জয়ন্তিয়া ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

Thursday, May 29, 2014

Endhare - Rodor Sithi

এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে

মোৰ বুকুত এজোপা গোলাপ
(কোনে ৰুলে)
তেজতে এটোপাতৰ ধালি
(হৃদয় কোনে চুলে) - ২
তোমাৰ কথা ভাবিলে অকলে অকলে
তৰাই তৰাই কথা পাতে
গোলাপৰ পাহে পাহে
জোনাকিৰ জাপ জ্বলে
মোৰ তেজৰ কোহে কোহে

এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে

Thursday, February 27, 2014

Nohole Porichoy - Hiya Diya Niya

নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে
যৌৱনে ক’লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰলিৰ উমলোতে ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

ল’ৰালিৰ সুৰকেই বিছাৰি হে আহিলো
অচিনা ঘাটতে বিছাৰি যে নাপালো
সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া

Monday, February 24, 2014

Manoloi Ubhati Ahe Lorali - Movie "Daag"

মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমত খেলি
মোৰো ভাল লগে তাকে সোৱৰি
মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন
আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন
ম‍ইও দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰাইয়ে আজি কালি
ল’ৰলি আজিও চোন আতৰা নাই
কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলো আজি আনিমে আযুৰি তোৰে সপোনকে
আগলৈ হ’বি ত‍ই মোৰ পৰিচয়
আৰু লাগিছে নো কি
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী

Sunday, January 26, 2014

Aahe Ba Naahe - Zubeen Garg

আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈ
মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
নাচে বা নানাচে জোনাকি হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
বহে বা নবহে ফুলতে গৈ
ৰঙিলি পখিলি তুমি ৰঙৰে চৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

Rodor Sithi (Title Track) - Zubeen Garg

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

গছৰে ছায়াতে জীৱনে জিৰালে
বিনীময় গচকে জানা দিব টো নেজানে
আজি যে মানুহে প্ৰতি টো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে
সপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

Sunday, January 5, 2014

Asha - Zubeen Garg

আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলি হৈ
মোৰ গানৰ
বহু যুগৰ সুখ দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰ জোনাক
জোনাকি মন এটি হৈ
আহিছিলো মৰমৰ বোজা লৈ

মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুযুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ