Friday, October 24, 2014

O' Guwahati

এই চহৰ আজিও আপোন অতি
সুখে দুখে তুমিয়েই মোৰ যেন লগৰী
বুকুতে ৰাখো স্মৃতি সোণোৱালী
ও গুৱাহাটী
এই চহৰ আজিও আপোন অতি
সুখে দুখে তুমিয়েই মোৰ যেন লগৰী
বুকুতে ৰাখো স্মৃতি সোণোৱালী
ও গুৱাহাটী

সপোন তুমি মোৰ
হেপাহ তুমি মোৰ
আৱেগ তুমি মোৰ এই জীৱনৰ

এই চহৰ আজিও ইমান সজীৱ
লুইতেও চেনেহে সাৱতিৱ নীৰৱ অধীৰ
তোমাতেই শেষ হও অভীষালী
ও গুৱাহাটী

এই চহৰ আজিও ইমান ৰঙীন
ঐক্য়প্ৰীতিৰ আলোকেৰে ৰয় উজলি
তোমাৰেই খ্য়াতি হওক যুগজয়ী
ও গুৱাহাটী

সপোন তুমি মোৰ
হেপাহ তুমি মোৰ
আৱেগ তুমি মোৰ এই জীৱনৰ

1 comment: